নিউজ ডেস্কঃ সোমবাৰে মেঘালয় আৰক্ষীৰ এণ্টি-নাৰ্কটিক টাস্ক ফ’ৰ্চে দুটা পৃথক অভিযানত ড্ৰাগছসহ আটক কৰে দুজনকৈ আৰক্ষী কনিষ্টবলক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আটক কৰা ধৃত কনিষ্টবল দুজনৰ নাম হৈছে অজয় ছেত্ৰী আৰু সীমান্ত হাজং। মেঘালয় আৰক্ষীৰ এণ্টি-নাৰ্কটিক টাস্ক ফ’ৰ্চে ৰাজ্যখনৰ পূব খাছি পাহাৰ আৰু পশ্চিম গাৰো পাহাৰত চলোৱা দুটা পৃথক অভিযানত আটক হয় দুয়োজন কনিষ্টবল।
আৰক্ষীয়ে জনোৱা মতে, অজয় ছেত্ৰীক আটক কৰাৰ সময়ত তেওঁৰ পৰা প্ৰায় ১০.৫৩ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। বাতৰি অনুসৰি, শ্বিলঙৰ ডংকামন নংমেনছংৰ ক্ৰাউবক ডিয়েংডোহ (২৯) নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীয়ে অজয় ছেত্ৰীলৈ এই ড্ৰাগছখিনি প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনকো আটক কৰিছে।
আনহাতে পশ্চিম গাৰো পাহাৰৰ প্ৰহৰীগড় অঞ্চলত অভিযান চলাই আন দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আটক কৰা হয় আৰক্ষী কনিষ্টবল সীমান্ত হাজঙক। ধৃত আন দুজন লোকৰ পৰিচয় ডোবাসীপাৰাৰ সুমন মোজিমধৰ (২৮) আৰু তুৰাৰ ফেন্সি ভেলীৰ গুধু মোদক (১৮) বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে ৪৮ টা স্পাছমো-প্ৰক্সিভন (এছ পি) কেপচুলৰ লগতে এমএল ০৮এইছ ২১২৮ নম্বৰৰ এখন অটো ৰিক্সা আৰু ৬টা মোবাইল ফোন জব্দ কৰে।
ইফালে তুৰাৰ আপাৰ বাবুপাৰাৰ ৰিয়া ট্ৰেভেল নাইট ছুপাৰ বাছৰ চালক, হেণ্ডিমেন আৰু মালিক ক্ৰমে- অৰূপ নাগ (৫৭), তুৰাৰ বেলদাৰপাৰাৰ সুৰেশ বৰ্মন (৫৯) আৰু গাৰোবাহৰ মুকদাংগৰাৰ শংকৰ দলু (৩৩) নামৰ তিনিজনকো আটক কৰি জেৰা চলাই আছে আৰক্ষীয়ে।









