হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অন্তৰালত আছে চৰকাৰৰ বিশেষ উদ্দেশ্যঃ ৰিপুণ বৰা…

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা সংবাদ মেল।

ভাৰত চৰকাৰে ৭৫ তম স্বাধীনতা দিৱসৰ উপলক্ষে ১৩, ১৪ আৰু ১৫ আগষ্ট তাৰিখে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা প্ৰতি ঘৰে ঘৰে উত্তোলনৰ বাবে আহ্বান জনাইছে।

ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে জনোৱা আহ্বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

সংবাদ মাধ্যমৰ আগত ৰিপুণ বৰাই কয়, ‘জাতীয় পতাকাখন চৰকাৰে বিনামূলীয়াকৈ কিয় দিব নোৱাৰে? অৰুণোদয় আৰু মাইক্ৰ’ ফাইনেন্সৰ টকা দিব পৰা চৰকাৰে ৰাইজক জাতীয় পতাকা কিয় দিব নোৱাৰে? পুঁজিবাদৰ সকলক ধনী কৰা উদ্দেশ্য ভাৰত চৰকাৰে এই ব্যৱস্থা কৰিছে।

১২কোটি ৬ লাখ খন ৰাষ্ট্ৰীয় পতাকা প্ৰয়োজন। সেই সমূহ অসমৰ মহিলা সকলক প্ৰস্তুত কৰিব পাৰিলে হয় কিন্তু আদানী আম্বানীয়ে প্ৰস্তুত কৰিছে। পূঁজিবাদি সকলক ধনী কৰা উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৰিপুন বৰাই।

লগতে অসমৰ প্ৰত্যেক ঘৰ মানুহক বিনামূলীয়াকৈ পতাকা দিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।

ৰিপুন বৰাই লগতে কয়- চৰকাৰে অমৃত মহোৎসৱ পাতিবলৈ লৈছে। কিন্তু ৮ বছৰে আমি অমৃত পোৱা নাই। বিষ পানহে কৰি আছো। মূল্যবৃদ্ধি, GST, মুদ্ৰাস্ফিতীয়ে মানুহক পানীত হাঁহ নচৰা অৱস্থা কৰিছে।