অসম

ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী বনকৰ্মীৰ, অৱশেষত পৰিল আৰক্ষীৰ জালত…

এগৰাকী বনকৰ্মীৰ আচৰিত কৰ্মকাণ্ড।

নিজকে ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতেই পৰিল আৰক্ষীৰ জালত।

কাৰ্বি আংলং জিলাৰ বন বিভাগৰ পশ্চিম বন সংমণ্ডলৰ ফৰেষ্ট গাৰ্ড হিচাপে কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই কাণ্ড।

জানিব পৰা মতে, বিভাগটোৰ মঙল চিং ক্ৰ’ নামৰ ফৰেষ্ট গাৰ্ড গৰাকীয়ে নিজকে বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ডিফুৰ আমোলাপট্টিত বাহনত তালাচী চলাই ধনদাবী কৰি আছিল৷

শুকুৰবাৰে কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছৰ দুগৰাকী কৰ্মচাৰী ক্ৰমে গৌতম ৰংপি আৰু ছিং ফাংচ’ক সম্পূৰ্ণ ৰূপে ইউনিফৰ্ম পিন্ধোৱাই লগত লৈ ডিফুৰ আমোলাপট্টিৰ বিভিন্ন বাহনত তালাচী চলাই আছিল মঙল চিং ক্ৰ’ নামৰ ফৰেষ্ট গাৰ্ডজনে।

ধনদাবী কৰি থকা অৱস্থাতে ডিফু আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ফৰেষ্ট গাৰ্ডগৰাকীক।

সম্প্ৰতি ডিফু আৰক্ষীয়ে ২০৫/২০২১ নম্বৰত ডিফু থানাত এক গোছৰ ৰুজু কৰিছে। লগতে তিনিওকে আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *