অসম

অসম-মিজোৰাম সীমান্তৰ বিবাদমান অঞ্চললৈ ৰাওনা বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল

অসম-মিজোৰাম সীমান্তৰ বিবাদমান অঞ্চল লাইলাপুৰলৈ শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধিৰ দল।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোৱা এই দলটোত আছে শাসক দল বিজেপিৰ লগতে কংগ্ৰেছ, অগপ, বি পি এফ, ইউ পি পি এল, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি এমৰ বিধায়ক।

গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোত দহগৰাকী বিধায়ক আছে যদিও একাংশ বিধায়কে ইতিমধ্যে শিলচৰত বাহৰ পাতি আছে।

গুৱাহাটীৰ পৰা বিধায়কৰ দলটো শিলচৰত উপস্থিত হোৱাৰ পিছত একত্ৰিতভাৱে সৰ্বদলীয় বিধায়কৰ দলটো অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব।

দলটোত আছে বিধায়ক অখিল গগৈ, ৰূপক শৰ্মা, জয়ন্তমল্ল বৰুৱা, ভুবন পেগু, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কেইবাজনো বিধায়ক।

সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *