অসমঅসমীয়া

ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰােহী শিক্ষকৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্য অব্যাহত থকাৰ মাজতে এইবাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী শিক্ষকৰ।

মাজনিশা তীব্ৰেবগী ডাম্পাৰৰ খুন্দাত মাৰ্ঘেৰিটাৰ ৰাষ্ট্রীয় ঘাইপথৰ কৰুণ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী বাইক আৰােহী শিক্ষকে।

1 3 1 edited 1

মৃত শিক্ষকগৰাকীৰ নাম অভিষেক ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত যুৱকজনৰ বয়স ২৮ বছৰ আছিল।

তেওঁ মাৰ্ঘেৰিটাৰ কিডজী চান চাইন বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল।

vlcsnap 2022 05 10 17h01m53s362

এক অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় যুৱকগৰাকীয়ে।

সংকটজনক অৱস্থাত স্থানীয় লােক তথা আৰক্ষীয়ে অভিষেকক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

2 2 2

স্থানীয় লােকৰ মাজত এগৰাকী ক’ৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় অভিষেকৰ এনে অকাল মৃত্যুৱে গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

সমনীয়াৰ সৈতে খেলি থকাৰ সময়ত ঘটিল অঘটন! লোহাৰ গেট ভাঙি প্ৰাণ গ’ল কণমানি নিয়ৰৰ

photo1652168440 1

Leave a Reply

Your email address will not be published. Required fields are marked *