অসমঅসমীয়া

মৰ্মান্তিক! নৈত গা ধুবলৈ গৈ দুই কলেজীয়া ছাত্ৰৰ সলিল সমাধি

নিউজ হেস্ক। এক শােকাৱহ ঘটনা।

নৈত গা ধুৱলৈ গৈ সলিল সমাধি ঘটিল দুজন কলেজীয়া ছাত্ৰ।

এই ঘটনাৰ স্থান কামপুৰ থানাৰ অন্তৰ্গত মাজঘিলানীত।

কপিলী নদীত গা ধুবলৈ এনেদৰে কৰুণ মৃত্যু ঘটে যুৱক দুজনৰ।

G9 2

মৃত যুৱক দুজন কামপুৰ মাজঘিলানীৰ পাৰভেশ আহমেদ (১৭) আৰু নগাঁও ডিমৰুগুৰিৰ ফৰিদ আহমেদ (২০)।

ইয়াৰে ফৰিদ আহমেদে ঈদৰ অনুষ্ঠান চাবলৈ পাৰভেশৰ ঘৰলৈ আলহী হৈ আহিছিল।

ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে স্থানীয় লোকে দুয়োকো পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে দুয়োজনকে মৃত বুলি ঘোষণা কৰে।

মৃত পাৰভেশ আহমেদ কামপুৰ গুৰুকুল জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল।

এই শোকাৱহ ঘটনাই কামপুৰত গভীৰ শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰােহী শিক্ষকৰ

G8 2

Leave a Reply

Your email address will not be published. Required fields are marked *