অসমঅসমীয়া

ডনবস্ক’ৰ উপাচাৰ্যৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। সােণাপুৰৰ বিশিষ্ট উদ্যােগী, অভিনেতা জৰ্জ বৰদলৈৰ আত্মহত্যাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচার্য ষ্টিফেন মাভলেৰ জামিন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে যোৱা ২৩ মে’ত সোণাপুৰৰ হাতীমূৰত থকা জর্জছ্ ৰিট্রিট ইক’ কেম্পৰ এটা পঁজাঘৰত বৰদলৈৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছিল আৰু আৰক্ষীয়ে দুখনকৈ আত্মহননৰ টোকা উদ্ধাৰ কৰিছিল।

G1 25

এই টোকাত বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে অভিযোগেৰে মানসিক অশান্তি দি অহা কথা উল্লেখ কৰা হৈছিল।

এই টোকাৰ ভিত্তিত আৰু পৰিয়ালৰ অভিযোগত সোণাপুৰ আৰক্ষীয়ে ১১৩/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰি ২৪ মে’ত উপাচার্য মালভেক গ্ৰেপ্তাৰ কৰি তিনিদিনৰ জিম্মাত লৈছিল।

তাৰ মাজতে আজি উচ্চ ন্যায়ালয়ে মালভেৰ জামিন মঞ্জুৰ কৰে।

লগতে চাওকঃ

ডনবস্ক’ৰ ভূমি দখলৰ বিষয়ে তদন্তৰ বাবে ৩ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

Leave a Reply

Your email address will not be published. Required fields are marked *