অসম

খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ডক আল্লাউদ্দিনক…

আৰক্ষীৰ জালত বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড।

খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ডক আল্লাউদ্দিনক।

দৰং আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে আল্লাউদ্দিনক।

বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আছিল আল্লাউদ্দিন।

নিশা ১১ মান বজাত দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ পৰা আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে৷

image 115

নগাঁৱৰ পৰা পলাই গৈ দৰঙৰ মৌচিদাত আত্মগোপন কৰি আছিল আল্লাউদ্দিনে।

দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু নগাঁও আৰক্ষীৰ সহযোগত চলা এই অভিযানৰ উমান পায় পলায়ন কৰিছিল দুৰ্ধৰ্ষ অভিযুক্তজনে৷

আৰক্ষীয়ে পিছা লৈ প্ৰায় ৬ কিলোমিটাৰ দৌৰাই নিশা আল্লাউদিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ।

জানিব পৰা মতে আল্লাউদ্দিনৰ ঘৰ নগাঁও জিলাৰ বলি গুটীয়া গাওঁ পঞ্চায়তৰ বাটমাৰী গাঁৱত।

ইতিমধ্যেই আল্লাউদ্দিনক চমজি লৈছে নগাঁৱৰ আৰক্ষী দলে।

Leave a Reply

Your email address will not be published. Required fields are marked *