অসমঅসমীয়া

ডনবস্ক’ৰ ভূমি দখলৰ বিষয়ে তদন্তৰ বাবে ৩ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক। সােণাপুৰৰ বিশিষ্ট উদ্যােগী, অভিনেতা জর্জ বৰদলৈৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে শ শ বিঘা ভূমি অবৈধভাৱে দখলৰ অভিযােগ।

এই পৰিপ্ৰেক্ষিততে অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন ৩ জনীয়া তদন্ত সমিতি গঠন কৰিছে।

এই সমিতিয়ে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনত ড’নবস্ক বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ বিষয়টো তদন্ত কৰিব।

1 7

এই তদন্ত সমিতিৰ আন দুজন সদস্য হৈছে ৰাজহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা।

এই সমিতিয়ে উক্ত অভিযোগৰ বিষয়ে তদন্ত কৰিব আৰু সত্য প্রমাণিত হ’লে মাটি পুনৰ উদ্ধাৰৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *