অসম

এনকাউন্টাৰত মৃত্যু দুই সতীৰ্থৰ! আৰক্ষীৰ গুলীৰ ভয়ত আত্মসমৰ্পণ ৩ প্ৰাক্তন উগ্ৰপন্থী তথা ডকাইতৰ

নিউজ ডেস্ক। অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযান অব্যাহত থকাৰ ফলত শংকিত হৈছে অপৰাধমূলক কাৰ্যৰ সৈতে জড়িতসকল।

যাৰ পৰিপেক্ষিতত চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী আমগুৰি থানাত তিনিজনকৈ যুৱকে আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে।

যুৱক তিনিজন হ’ল চিৰাং আৰক্ষীৰ অভিযানত নিহত দুর্ধর্ষ ডকাইত মহন্ত নাৰ্জাৰীৰ সহযোগী। এই এনকাউন্টাৰত মহন্ত নাৰ্জাৰীসহ নিহত হৈছিল দুই প্ৰাক্তন উগ্ৰপন্থী।

491

ডকাইত তিনিজন ক্ৰমে দেৱানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২)।

তিনিওজন যোৱা ২৯ মাৰ্চৰ নিশা আমগুৰি থানাৰ অন্তৰ্গত দুখন গাঁৱৰ দুটা পৰিয়ালৰ ঘৰৰ চৌহদত পাঁচ জাঁই গুলী ফুটাই কেইবালাখ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়া কাৰ্যৰ সৈতে জড়িত আছিল বুলি চিৰাং আৰক্ষীয়ে নিশ্চিত কৰে।

উল্লেখ্য যে, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই এখন সংবাদ মেলৰ জৰিয়তে জিলাখনৰ সমাজবিৰোধী তথা অপৰাধমূলক কার্যৰ সৈতে জড়িতসকলক আত্মসমর্পণ কৰাৰ বাবে আহ্বান জনাইছিল।

অন্যথা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল।

ইয়াৰ পাছতে ডকাইতি কাণ্ডৰ সৈতে জড়িত তিনিওজনে আত্মসমর্পণ কৰে।

লগতে চাওকঃ

এতিয়া ৪টা ‘H’ৰে চলি আছে চৰকাৰ, হিন্দী, হিমন্ত আৰু….

G2 9

Leave a Reply

Your email address will not be published. Required fields are marked *