অসম

মহেন্দ্র ডিলাৰৰ ডকাইতি কাণ্ডঃ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন হ’ল দুই আৰক্ষী বিষয়া

নিউজ ডেস্ক। তেজপুৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

তেজপুৰৰ ডেকাৰগাঁৱত অৱস্থিত মহিন্দ্ৰা ডিলাৰৰ এটা গুডামৰ পৰা ১২ জনীয়া ডকাইতৰ দলে সাতখনকৈ নতুন বলেৰ’ পিকআপ ভান লৈ উধাও হয়।

নিশা নিৰাপত্তাৰ দায়িত্বত থকা ছিকিউৰিটি গাৰ্ড দুজনক হাত ভৰি বান্ধি ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে।

এই ডকাইতি-কাণ্ডৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে৷

473

অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰে এক জাননীযোগে উক্ত ঘটনাৰ সময়ছোৱাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াক চাকৰিৰ পৰা নিলম্বন কৰে৷

আনহাতে তেজপুৰ সদৰ থানাৰ প্ৰভাৰী বিষয়া মিণ্টু বড়োকো একে কাৰণতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা বুলি জাননীখনত কোৱা হৈছে৷

উল্লেখ্য যে, ডকাইতৰ দলটোৱে ডিলাৰত থকা মুঠ ১০৯ খন গাড়ীৰ ভিতৰত ৭ খন গাড়ী লৈ উধাও হয়।

অৱশ্যে ডকাইতৰ দলটোৱে লৈ যোৱা ৭ খন বলেৰ’ৰ এখন চুলুঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয় ।

এই ডকাইতিকাণ্ডৰ ফলত ডিলাৰটোৰ প্ৰায় ৭৫ লাখ টকাৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

এনকাউন্টাৰত মৃত্যু দুই সতীৰ্থৰ! আৰক্ষীৰ গুলীৰ ভয়ত আত্মসমৰ্পণ ৩ প্ৰাক্তন উগ্ৰপন্থী তথা ডকাইতৰ

491

Leave a Reply

Your email address will not be published. Required fields are marked *