অসমীয়াঅসম

ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষত বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী বিপুল ভূঞাৰ।

জানিব পৰা মতে, গহপুৰৰ সোলেঙীত বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় লােকজনৰ।

গহপুৰৰ এ পি ডি চি এল কাৰ্যালয়ৰ অস্থায়ী কৰ্মচাৰী আছিল বিপুল ভূঞা।

p3 1

বাইকেৰে কৰ্মক্ষেত্ৰৰ পৰা নিজা বাসগৃহ বৰদোপলৈ গৈ থকা অৱস্থাতে লখিমপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী ইউ পি ৫৩ জিটি ৫৬৩৭ নম্বৰৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষত নিহত হয় লােকজন।

ইতিমধ্যে, গহপুৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক চালকজনকো আটক কৰিছে।

লগতে চাওকঃ

এম্বুলেন্সত উঠি আহিল দৰা, ষ্ট্ৰেছাৰত বহি সম্পন্ন কৰিলে বিবাহ!

G4 1

Leave a Reply

Your email address will not be published. Required fields are marked *