নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
মালবাহী ট্ৰাকৰ সৈতে ছাত্ৰ-ছাত্ৰী কঢ়িওৱা টেম্প’ৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু এজন ছাত্ৰৰ।
এই পথ দুৰ্ঘটনা সংঘটিত হ’ল হাইলাকান্দি জিলাৰ আয়নাখালত।
জানিব পৰা মতে, হাইলাকান্দি পৰা লালা অভিমুখে যোৱা এএছ১১ চিচি ৮৫৯৭ নম্বৰৰ এখন তীব্ৰবেগীট্রাক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ অহা এএছ ২৪চি ৩৯৫৫ নম্বৰৰ এখন টেম্প’ৰ মুখামুখি সংঘৰ্ষ হয়।
এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে টেম্প’খন সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে।

এই দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম ইমদাদুল ইছলাম মজুমদাৰ বুলি জানিব পৰা গৈছে।
লগতে আহত হৈছে আন ৫ জনকৈ ছাত্ৰ-ছাত্ৰীসহ অট’ৰ চালক।
আহত ছাত্র ছাত্ৰীসকল হ’ল ছাহাৰুল ইছলাম, তাহমিনা বেগম, ছুকৰিয়া বেগম আৰু ছাহানুৰ আলম।
আন এজন গুৰুতৰভাৱে আহত ছাত্ৰৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

এই ছাত্র-ছাত্রীসকল স্থানীয় জ্ঞান জ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী। আহতসকলক ইতিমধ্যে সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷
ইপিনে, ঘটনাৰ পাছতে স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে।
দীর্ঘ প্রায় দুঘণ্টা সময় ধৰি চলা এই প্ৰতিবাদৰ ফলতে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আয়নাখাল এলেকাত সৃষ্টি হয় তীব্র যানজট।

পাছত হাইলাকান্দিৰ জিলা উপায়ুক্ত হিভাবে নিসর্গ গৌতম ঘটনাস্থলিত উপস্থিত হৈ নিহত আৰু আহত সকলো পৰিয়ালক উপযুক্ত ক্ষতিপুৰ্ণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়ে।
লগতে চাওকঃ
চৰণেহে জানে… পথাৰত গৰু আনিবলৈ গৈ বজ্ৰাঘাতত প্ৰাণ গ’ল প্ৰণৱৰ, পৰিয়ালত হাহাকাৰ










