অবৈধ অনুপ্ৰেৱেশকাৰী দুই বাংলাদেশীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান আদালতৰ

নিউজ ডেস্ক। অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা দুই বাংলাদেশী নাগৰিকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু সত্ৰ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ।

বৃহস্পতিবাৰে এক ৰায়দানযোগে ৫ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনাৰে দণ্ডিত কৰে আদালতে।

জৰিমনা অনাদায়ে বাংলাদেশী দুজনে ছমাহকৈ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে।

photo 2022 08 19 11 24 00
অবৈধ অনুপ্ৰেৱেশকাৰী দুই বাংলাদেশীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান আদালতৰ 2

এই বাংলাদেশী নাগৰিক দুজনৰ নাম হৈছে নিৰঞ্জন ঘােষ আৰু আব্দুল হাই।

ইয়াৰে নিৰঞ্জন ঘােষ বাংলাদেশৰ জামালপুৰ জিলাৰ মাদাগড় থানাৰ অন্তৰ্গত গাগ্রোম গাঁৱৰ ৰঞ্জিত ঘোষ পুত্ৰ।

জানিব পৰা মতে, নিৰঞ্জন ঘোষক মানকাচৰ থানাৰ আৰক্ষীয়ে ২০২১ চনৰ ২৫ মে’ত মানকাচৰৰ শ্মশান মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

এই সংক্ৰান্তত মানকাচৰ আৰক্ষীয়ে ৩৯৫/২১ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল আৰু পিচত আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে।

ইপিনে, আব্দুল হাই নামৰ আনজন লােক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাৰচৰ গাঁৱৰ প্ৰয়াত আফচাৰ আলী মণ্ডলৰ পুত্ৰ।

আব্দুল হাই নামৰ বাংলাদেশীজনক মানকাচৰ থানাৰ আৰক্ষীয়ে ২০২১ চনৰ ৬ মাৰ্চত ভাৰত- বাংলাদেশ সীমান্তৰ বেহুলাৰচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে এই সংক্ৰান্তত মানকাচৰ থানাত ১৬৩/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্তৰ শেষত আদালতত অভিযোগনামা দাখিল কৰে।

দীৰ্ঘদিন বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত মুখ্য ন্যায়াধীশ ছৈয়দ ইমদাদুল ৰহমানৰ আদালতে ৫ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰে।