অসম

আজি মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ ২২ খন আসনত ভাগ্য নিৰ্ণয় হ’ব ৯২ জন প্ৰাৰ্থীৰ…

আজি মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

৬টা জিলাৰ ২২ খন আসনত ভাগ্য নিৰ্ণয় হ’ব ৯২ জন প্ৰাৰ্থীৰ।

নিৰ্বাচন আয়োগৰ মতে, এই আসনসমূহত ৮,৪৭,৪০০ জন ভোটাৰ আছে, যাৰ ভিতৰত আছে ৪,১৮,৪০১ জন পুৰুষ, ৪,২৮,৯৬৮ গৰাকী মহিলা আৰু ৩১ জন ট্ৰেন্সজেণ্ডাৰ।

ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপিয়ে সকলো ২২ খন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে আনহাতে কংগ্ৰেছৰ (আইএনচি) ১৮খন, জনতা দল-ইউনাইটেড (জেডি-ইউ) আৰু নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ) ১০ জন, নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) ১১ জন, শিৱসেনা আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) ২ জন কৈ প্ৰাৰ্থী আছে, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া-আহাৱালে(আহাৱালে)ৰ তিনিখন।

দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ১,২৪৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।

ছয়টা সহায়ক ভোটকেন্দ্ৰৰ ভিতৰত, চাৰিটা থৌবালত আৰু আন দুটা চুৰাচান্দপুৰত আছে।

সৰ্বাধিক সংখ্যক সমষ্টি (১০ এচি) থকা থৌবালত ৩৯৫ টা ভোটকেন্দ্ৰ আছে। ৯২ জন প্ৰাৰ্থীৰ ভিতৰত চিপিআইৰ ৱাই ৰোমিতা (কাকচিং এচি) আৰু বিজেপিৰ এছ এছ অলিছ (চান্দেল এচি) একমাত্ৰ মহিলা প্ৰাৰ্থী।

Leave a Reply

Your email address will not be published. Required fields are marked *