অসম

টেট শিক্ষকৰ প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয়ঃ শিক্ষামন্ত্ৰী

টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল সৰ্বশিক্ষাৰ কাৰ্যালয়।

চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত হাজাৰ হাজাৰ টেট শিক্ষকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত, আবদ্ধ শতাধিক যান-বাহন।

মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ২০ মাহে মৰগীয়া বানচৰ পৰা বঞ্চিত টেট শিক্ষক।

শিক্ষকৰ প্ৰতিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

টেট শিক্ষক সকলৰ প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয়।

তেওঁ কয়- ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে। মৰগীয়া বানচ সমস্যাটো সমাধানৰ বাবেও কথা পতা হৈছে।

কালিৰ দিনটোত মই নিজে আলোচনাত বহিছোঁ, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়।

তেওঁ কয়- কিবা চক্ৰান্ত আছে ইয়াৰ আঁৰত। তেওঁলোকৰ এই প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত, অপ্ৰয়োজনীয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰতিবাদৰ মাজতে ৩১ মাৰ্চৰ পূৰ্বে টেট শিক্ষকৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে শিক্ষা সঞ্চালকালয়ে।

ইয়াৰ পিছতে ৩১ মাৰ্চলৈকে চৰকাৰৰ সঁহাৰিলৈ বাট চাব প্ৰতিবাদী শিক্ষকে প্ৰকাশ কৰে।

অন্যথা ১ এপ্ৰিলৰ পৰা পুনৰ প্ৰতিবাদৰ হুংকাৰ শিক্ষকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *