ৰাষ্ট্ৰীয়

চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ মহেন্দ্ৰ সিং ধোনীৰ, নতুন অধিনায়কৰ দায়িত্বত কোন..?

চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ কৰিলে তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে।

বৃহস্পতিবাৰে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে।

লগতে ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ৰবীন্দ্ৰ জাডেজাৰ হাতত অৰ্পন কৰে।

ধোনীয়ে অধিনায়কত্বৰ পৰা অব্যাহতি লোৱাৰ পাছতে এতিয়া ৰবীন্দ্ৰ জাডেজাই আগন্তুক আইপিএলত চেন্নাই চুপাৰ কিংছক নেতৃত্ব প্ৰদান কৰিব।

অৱশ্যে দলটোৰ হৈ উইকেটৰক্ষক বেটছমেন হিচাপে ভবিষ্যতে খেলি যাব বুলি প্ৰকাশ কৰে ধোনীয়ে।

উল্লেখ্য যে, জাডেজাই ২০১২ চনৰ পৰা আইপিএলত চেন্নাইৰ হৈ খেলি আছে।

বিগত বছৰত ধোনীৰ নেতৃত্বতে চেন্নাই চুপাৰ কিংছ আইপিএত চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *