অসমঅসমীয়া

আন্দোলন অসমৰ পৰিচয় হব নালাগে! টেট শিক্ষকৰ প্ৰতিবাদক নসাৎ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক। মহানগৰী উত্তাল কৰিছে হাজাৰ হাজাৰ টেট শিক্ষকে।

নিজৰ চাকৰিটো নিয়মীয়া কৰণৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজপথত প্ৰতিবাদত নামিছে টেট শিক্ষকসকল।

টেট শিক্ষকৰ এই প্ৰতিবাদক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

p6 6

শ্ৰেণীকোঠা এৰি টেট শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰাটো গ্রহণযোগ্য হব নোৱাৰে বুলি মন্তব্য কৰি কয় যে যদি চৰকাৰে কিবা নিদিয়ে তেন্তে তাৰ বাবে ন্যায়ালয় আছে, ন্যায় ব্যৱস্থা আছে, তাৰ সহায় লব পাৰে শিক্ষকসকলে।

মুখ্যমন্ত্ৰীয়ে কয়, “কোনো শিক্ষক বা অধ্যাপকে আন্দোলন কৰাটো মই সমৰ্থন নকৰো। অসমৰ ৰাইজে এতিয়া আন্দোলন বিবৰ্জিত অসম বিচাৰে। আন্দোলন অসমৰ পৰিচয় হব নালাগে।”

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱেও টেট শিক্ষকৰ এই প্ৰতিবাদ অপ্ৰয়োজনীয় বুলি মন্তব্য কৰিছে। কাৰোবাৰ চক্ৰান্তত পৰিহে টেট শিক্ষকে আন্দোলন কৰিছে বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *