ৰাষ্ট্ৰীয়

জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ দেহাৱসান…

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যু।

সোমবাৰে মাংগালুৰুৰ য়েনেপোয়া চিকিৎসালয়ত মৃত্যু হয় প্ৰবীণ কংগ্ৰেছ নেতাজনৰ।

অস্কাৰ ফাৰ্ণাণ্ডেজে জুলাই মাহত তেওঁৰ বাসগৃহত যোগাভ্যাস কৰাৰ সময়ত মূৰত আঘাত পাইছিল। ইয়াৰ পিছতেই তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

জানিব পৰা মতে, চিকিৎসকে তেওঁৰ মূৰৰ পৰা এটা টেমুনা আঁতৰাবলৈ তেওঁৰ এটা অস্ত্ৰোপচাৰ কৰিছিল। অৱশ্যে তেওঁ অস্ত্ৰোপ্ৰচাৰৰ পিছত অজ্ঞান অৱস্থাৰ পৰা উভতি অহা নাছিল। ফাৰ্ণাণ্ডেজৰ নিয়মীয়া সময় ব্যৱধানত ডায়েলাইচিছ চলি আছিল।

উল্লেখ্য যে ফাৰ্ণাণ্ডেজক ‘ভাতৃ অস্কাৰ’ বুলি জনা গৈছিল। তেওঁ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ ঘনিষ্ঠ বুলি পৰিচিত আছিল।

তেওঁ ইউপিএ চৰকাৰত পৰিবহন, পথ আৰু ঘাইপথ, শ্ৰম আৰু নিযুক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰোপৰি তেওঁ কৰ্ণাটকৰ উদুপী সংসদীয় সমষ্টিৰ পৰা পাঁচটা কাৰ্যকালৰ বাবে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

তেওঁক কংগ্ৰেছে ৰাজ্যসভালৈয়ো মনোনীত কৰিছিল।

বিদ্যালয়ৰ শিক্ষকৰ পুত্ৰ হোৱাৰ বাবে তেওঁ গান্ধী পৰিয়ালৰ আস্থা জয় কৰি কংগ্ৰেছ দলত সৰ্বোচ্চ স্বীকৃতিৰ পদত উপনীত হৈছিল।

তেওঁ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৪১ চনৰ ২৭ মাৰ্চত উদুপীত জন্ম হৈছিল তেওঁৰ।

প্ৰাক্তন মন্ত্ৰীজনৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, ‘ৰাজ্যসভাৰ সাংসদ অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যুত গভীৰ দুখ অনুভৱ কৰিছো। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাইছো। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক।’

কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও গভীৰ শোক প্ৰকাশ কৰে অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যুত।

Leave a Reply

Your email address will not be published. Required fields are marked *