জ্যেষ্ঠ আলফা নেত্ৰী পূৰ্ণিমা বৰা ওৰফে মিতু অসমক পুনৰ গ্ৰেপ্তাৰ…

সৰুপথাৰ আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ আলফা নেত্ৰী পূৰ্ণিমা বৰা ওৰফে লেফ্টনেন্ট মিতু অসম৷

আলফাৰ জ্যেষ্ঠ নেত্ৰীগৰাকী চলিত ১২ চেপ্টেম্বৰত তিনিচুকীয়া সীমান্তত আসাম ৰাইফলছৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

তাৰ পিছৰে পৰা সৰুপথাৰ নগজৰীৰ নিজা বাস গৃহত আছিল নেত্ৰীগৰাকী।

কিন্তু, জ্যেষ্ঠ আলফা নেত্ৰীগৰাকীৰ বিৰুদ্ধে গোপনে বিভিন্ন পক্ষৰ সৈতে যোগাযোগ কৰি থকাৰ অভিযোগত শুকুৰবাৰে আলফা নেত্ৰীগৰাকীক সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  

উল্লেখ্য যে, স্বাধীন অসমৰ সপোন দেখি ১৯৯৭ চনতে সংযুক্ত মুক্তি বাহিনী অসমত ১৪ বছৰ বয়সতে যোগদান কৰিছিল মিতু অসমে।

২৪ টা বছৰ আলফাত থকাৰ পাছত ১২ ছেপ্টেম্বৰত আলফা(স্বাঃ)ৰ নিৰ্দেশমৰ্মে ম্যানমাৰ শিবিৰৰ পৰা অসমলৈ আহি থাকোতেই তিনিচুকীয়া আৰক্ষীৰ হাতত ধৰা পৰিছিল মিতু অসম।

সম্প্ৰতি আলফা নেত্ৰী মিতু অসমক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

Leave a Comment