অসমঅসমীয়া

ভেকচিন লােৱাৰ পাছতে অসুস্থ ৭০ বছৰীয়া বৃদ্ধা, চিকিৎসালয়ত মৃত্যু

নিউজ ডেস্ক। যােৰহাট জিলাৰ টীয়কৰ উত্তৰ দলীয়া গাঁৱত ক’ভিড ভেকচিন লৈ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃত্যু।

ভেকচিন লোৱাৰ তিনি ঘণ্টা পিছতেই মৃত্যু হয় ৭০ বছৰীয়া বৃদ্ধা গৰাকীৰ।

লাৱণ্য দাস নামৰ বৃদ্ধাগৰাকী মৃত্যুৰ পূৰ্বে সম্পূৰ্ণ সুস্থ হৈ আছিল বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে।

ভেকচিন লোৱাৰ তিনি ঘণ্টাৰ পিছতেই বুকুৰ বিষ অনুভৱ কৰে বৃদ্ধাগৰাকীয়ে আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ অনা হয় যদিও বৃদ্ধাগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৃতদেহ ইতিমধ্যে টীয়ক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *