মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগেঃ অখিল গগৈ…

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে।

এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।

ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি ৰাষ্ট্ৰীয় চেনেলত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি অখিল গগৈয়ে এনেদৰে কয়।

অখিল গগৈয়ে কয়- অসমত এতিয়া একনায়কত্ব বাদ চলিছে। হিতেশ্বৰ শইকীয়া-প্ৰফুল্ল মহন্তৰ দিনৰ গুপ্তহত্যাতকৈ এতিয়া ভয়ানক পৰিস্থিতি হৈছে। ইয়াক আপুনি মুক্তহত্যা বুলি কওক বা আন হত্যা বুলি কওক, কিন্তু অসমৰ পৰিস্থিতি বহুত বেয়াৰ দিশে গৈছে।’

তেওঁ কয় যে, যদি এনকাউণ্টাৰ সমৰ্থন কৰিছোঁ তেন্তে আমি ভুল কৰা হ’ব। আমি কোনো হত্যাকে সমৰ্থন কৰিব নোৱাৰো। এতিয়া অসমত এজনেই মুখ্যমন্ত্ৰী-মন্ত্ৰী।

চৰকাৰ দেউলীয়া, দৰমহা দিবলৈ টকা নোহোৱা হ’ব। ২৪’ত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগিব বুলি মন্তব্য আগবঢ়াই গগৈৰ।

লগতে কয়- আমি এতিয়াৰ পৰা সাজু হ’ব লাগিব। TMC ৰ লগত আলোচনা হৈছে বহুবাৰ, কিন্তু ৰাইজৰ দল আঞ্চলিক দল হৈয়ে থাকিব।

Leave a Comment