ৰাষ্ট্ৰীয়

জেভলিন থ্ৰ’ত উন্নত প্ৰদৰ্শন ভাৰতৰ নিৰজ চোপ্ৰাৰ, ৮৬.৬৫ মিটাৰ থ্ৰ’ৰে প্ৰৱেশ ফাইনেলত…

বুধবাৰে পুৱাই অলিম্পিকৰ পৰা দেশবাসীৰ বাবে আহিল সুখবৰ।

অলিম্পিকৰ এথলেটিকছত জেভলিন থ্ৰ’ত অনন্য প্ৰদৰ্শন কৰিলে ভাৰতীয় নিৰজ চোপ্ৰাই।

পুৱা টকিঅ’ত জেভলিন থ্ৰ’ৰ যোগ্যতা অৰ্জনৰ খেলত ৮৫.৬৫ মিটাৰ দূৰত্বৰ থ্ৰ’ৰে সফল হয় নিৰজ।

মাত্ৰ এবাৰৰ থ্ৰ’তে তেওঁ যোগ্যতা অৰ্জন কৰে ফাইনেললৈ।

কাৰণ কোৱালিফাই কৰাৰ বাবে প্ৰয়োজন আছিল ৮৩.৫ মিটাৰ। কিন্তু নিৰজে তাতকৈয়ো দূৰলৈ থ্ৰ’ কৰে জেভলিন।

যাৰ ফলত তেওঁ এতিয়া ফাইনেল খেলাটো নিশ্চিত হৈ পৰে।

অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁৱেই হ’ব প্ৰথম ভাৰতীয়।

উল্লেখ্য যে জেভলিন থ্ৰ’ৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ৭ আগষ্টত। সেইদিনা নিৰজৰ পৰা পদকৰ আশা কৰিব ভাৰতে।

প্ৰথম ভাৰতীয় হিচাপে অলিম্পিকৰ জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰিব নিৰজ।

ইয়াৰ পূৰ্বেও এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল তেওঁ।

সেয়েহে নিৰজে এইবাৰ অলিম্পিকত দেশলৈ পদক আনি দেশক গৌৰৱান্বিত কৰাৰ আশা কৰিছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *