গাঞ্জা বেপাৰীৰ ঘৰৰ পৰা ৬ টাকৈ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ আৰক্ষীৰ

নিউজ ডেস্ক। এজন কুখ্যাত গাঞ্জা বেপাৰীৰ ঘৰত অভিযান চলাবলৈ গৈ ৬ টাকৈ দুষ্প্ৰাপ্য প্ৰাজাতিৰ কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল দৰং আৰক্ষী।

মংগলদৈ চহৰৰ সমীপৱৰ্তী চেৰেং চাপৰিত চলিছিল আৰক্ষীৰ অভিযান।

আৰক্ষীয়ে অঞ্চলটােৰ এজন কুখ্যাত গাঞ্জা বেপাৰী সুভাষ হালদাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ কিলাে গাঞ্জাও জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ সময়ত লােকজনৰ ঘৰত তালাচীৰ সময়তে এটা ডাঙৰ পাত্ৰৰ পৰা ৬টাকৈ কাছ পোৱালি উদ্ধাৰ কৰে মঙলদৈ আৰক্ষীয়ে।

জানিব পৰা মতে, চেৰেং চাপৰিত দীৰ্ঘদিন ধৰি চলি আহিছে দুষ্প্ৰাপ্য কাছৰ বেহা।

মঙলবাৰে মঙলদৈৰ সদৰ থানাৰ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ গোপন খবৰৰ ভিত্তিত চেৰঙত অভিযান চলাই ছটাকৈ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।

Leave a Comment