জুৱাৰীৰ পৰা ধন লৈ নিলম্বিত হ’ল আৰক্ষী বিষয়া বিনোদ কুমাৰ দাস…

জুৱাৰীৰ পৰা ধন লৈ নিলম্বিত হ’ল এগৰাকী আৰক্ষী বিষয়া।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷

আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসে জুৱাৰীৰ পৰা ধন সংগ্রহ কৰাৰ দুটা ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত৷

প্রথমটো ভিডিঅ’ত বিনোদ কুমাৰ দাসক এজন জুৱাৰীৰ পকেটত হাত ভৰাই পাঁচশ টকীয়া এটা নোটৰ বাণ্ডিল উলিয়াই লোৱা দেখিবলৈ পোৱা গৈছে৷

আনহাতে দ্বিতীয় ভিডিঅ’টোত আৰক্ষী বিষয়াজনে জুৱাৰীৰ পৰা টকা গণি গণি লৈছে আৰু চুক্তি হোৱা টকাতকৈ কম টকা দিয়াৰ বাবে অশ্লীল ভাষাৰে গালিগালাজ পাৰি জুৱাৰীজনলৈ চোঁচা লয় আৰু মাৰিবলৈ উদ্যত হোৱা দেখা গৈছে৷

এনে দুটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷

ইয়াৰ পিছতে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰি আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসক তৎকালে নিলম্বন কৰি ৰিজার্ভ ক্লোজ কৰিছে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে৷

এই সন্দর্ভত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে কয় যে, জিলাখনত যাতে দীপাৱলীৰ গইনা লৈ কোনো ধৰণৰ জুৱাৰ আড্ডা বহাব নোৱাৰে তাৰ বাবে কঠোৰ নির্দেশনা জাৰি কৰিছিল৷ জিলাখনৰ প্রতিখন থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলে সঠিকভাৱে পালন কৰিছিল৷ কিন্তু সুখচৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া বিনোদ কুমাৰ দাসে দায়িত্ব পালনৰ বিপৰীতে জুৱাৰীৰ পৰা ধন লয়৷ যাৰ বাবে কালি আৰক্ষী বিষয়াজনক তৎকালে নিলম্বন কৰাৰ লগতে ৰিজার্ভ ক্লোজ কৰা হয়৷

Leave a Comment