অসম

জুন মাহৰ পৰা ঘৰে ঘৰে ২৪ ঘণ্টাই পানী পাব গুৱাহাটীবাসীয়েঃ মুখ্যমন্ত্ৰী…

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ।

নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ সোমবাৰে BJPয়ে উন্মোচন কৰে নিৰ্বাচনী সংকল্প পত্ৰ।

সংকল্প পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাসহ কেইবাগৰাকীও কাৰ্যকৰ্তা।

নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

তেওঁ কয়- ‘গুৱাহাটীৰ ৰাইজে বসুন্ধৰা-২ প্ৰকল্পৰ জৰিয়তে ইমানদিনে বাস কৰি অহা ভূমিৰ আইনীস্বত্ব নিজৰ কৰি ল’ব পাৰিব৷’

তেওঁ কয় যে, ১০ মে’ৰ পৰা গুৱাহাটীত যি ভূমি কিনা হ’ব, তাৰ নামজাৰি এদিনতে হ’ব, ইয়াৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাব নালাগে, ছফ্টৱেৰতে সকলো কাম হৈ যাব। 

ইয়াৰ লগতে তেওঁ কয় যে, গুৱাহাটীবাসীক ২৪ ঘণ্টাই পানী প্ৰদান কৰাটো বিজেপিৰ সংকল্প। ইতিমধ্যে এনে প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথত। জুন মাহৰ পৰা জাইকা প্ৰকল্পৰ কাম কাৰ্যক্ষম হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়- ‘জুনৰ পৰা প্ৰতি মাহে ৫ হাজাৰৰ পৰা ৮ হাজাৰ গৃহলৈ পানী যোগানৰ সংযোগ প্ৰদানৰ বাবে জাইকা প্ৰস্তুত হৈছে৷’

লগতে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে চিকিৎসালয় নিৰ্মাণৰ বাবে পৰিকল্পনা ল’বলৈ চৰকাৰে সিদ্ধান্ত লৈছে বুলি সদৰি কৰে।

ইয়াৰ লগতে গুৱাহাটীৰ প্ৰতিটো অৰুণোদয় পৰিয়ালে বিদ্যুৎ বিলৰ বাবে ২৫০ টকাৰ অধিক লাভ কৰিব বুলি প্ৰকাশ কৰে।

তেওঁ কয়- ‘নতুনকৈ ৬০ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব৷’

Leave a Reply

Your email address will not be published. Required fields are marked *