অসম

হিন্দী ভালকৈ নজনাৰ বাবে দিল্লীত কথা কোৱাত অসুবিধা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! সুধিলে হিন্দী শিকাত আপত্তি কি?

নিউজ ডেস্কঃ অসমীয়া ভাষা জনাৰ পিছত অতিৰিক্তভাৱে হিন্দী বা ইংৰাজী ভাষা শিকাত আপত্তি কি? -এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

হিন্দী আগ্ৰাসান বিতৰ্কই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষকৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত হিন্দী শিক্ষা বাধ্যতামূলক কৰা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰাৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে।

এই প্ৰতিবাদ আৰু বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হিন্দীৰ প্ৰতি আস্থা ব্যক্ত কৰা মানেই ইয়াৰ অৰ্থ এয়া নহয় যে অসমীয়া ভাষাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰা।

বিধানসভাৰ ভিতৰত আৰবী ভাষা বাধ্যতামূলক কৰাৰ বাবে বহুতে দাবী জনাই অহাৰ সময়ত ৰাইজে কিয় মাত নামাতে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ নিজেও হিন্দী নজনাৰ বাবে দিল্লীত কথা কোৱাৰ সময়ত অসুবিধা অনুভৱ কৰে।

বিদ্যালয়ত অসমীয়া জনাৰ পিছত, অসমীয়াত শিক্ষা গ্ৰহণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে হিন্দী ভাষা অতিৰিক্তভাৱে শিকাটোত কাৰো আপত্তি থাকিব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কেতিয়াও হিন্দী বাধ্যতামূলক কৰা হব বুলি মন্তব্য কৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই। ওলোটাই প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিত পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক নিজৰ মাতৃভাষাত শিক্ষা দানৰ নীতিহে প্ৰয়োগ কৰিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *