অসম

কেবিনেটৰ সিদ্ধান্তঃ ৬ খন ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত…

জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৬ খন ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত।

শিলচৰ, ওদালগুৰি, হাইলাকান্দি, হোজাই, দৰং, ডিমাহাছাওত নতুন জিলা হস্পতাল নিৰ্মাণৰ সিদ্ধান্ত।

স্বাস্থ্য ভৱন নিৰ্মাণ হ’ব গুৱাহাটীত।

APSC ৰ সন্দৰ্ভতো লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

২০১৪ বৰ্ষৰ কেলেংকাৰিৰ তদন্তৰ বাবেও গঠন হ’ব আয়োগ।

পুনৰ ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিব চৰকাৰে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত গঠন হ’ব নতুন আয়োগ।

বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া কমিটীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ।

সমগ্ৰ বিষয় সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াৰে গঠিত হ’ব নতুন কমিটী

কমিটীত থাকিব মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, DGP ভাস্কৰ জ্যোতি মহন্ত ,গৃহ বিভাগৰ প্ৰধান সচিবকে ধৰি কেইবাজনো বিষয়া।

২০১৪ চনৰ APSC কেলেংকাৰীৰ সন্দৰ্ভতো অৱসৰ প্ৰাপ্ত এজন ন্যায়াধীশৰ দ্বাৰা কমিটী গঠন কৰি তদন্ত সিদ্ধান্ত কেবিনেটৰ ৷ অতি সোনকালে তদন্তৰ বাবে দায়িত্ব দিয়া হ’ব কমিটীখনক।

এই আয়োগে দুমাহৰ ভিতৰত দিব লাগিব প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *