ধেমাজি জিলাৰ জীয়াঢলত ভয়ংকৰ অঘটন।
পাহাৰৰ পৰা বাঁহ আনিবলৈ যোৱা ৩ জনকৈ লোক সন্ধানহীন।
দুৰ্ঘটনাত তিনিজনকৈ লোক ধেমাজিৰ চকুলো জীয়াঢল নদীৰ পানীয়ে উটুৱাই নিয়ে৷
জানিব পৰা মতে ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত উওৰ ধেমাজি পঞ্চায়তৰ আদিকলীয়া গাঁৱৰ আঠজন লোকে অৰুণাচল পাহাৰৰ ভিতৰত চোৱাত মাছমাৰি উভতি আহোতে বাঁহেৰে তৈয়াৰ কৰা মেলেঙত নদী পাৰ হ’ব খুজুতে হঠাৎ জীয়াঢলমুখত নিৰ্মিয়মান অৱস্থাৰ পকী দলঙৰ এটা খুঁটাত লাগি মেলংখন ভাঙি পৰে৷
মেলেং খনত থকা ৮ জন লোকৰ ভিতৰত ৩ জনে সাতুঁৰি প্ৰাণ ৰক্ষা কৰে আৰু ইয়াৰে আন দুজনে দলংৰ খুটাত ধৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷
বাকী ৩ জনক জীয়াঢল নদীৰ পানী সোতে উটুৱাই নিয়ে।
সন্ধানহীন হৈ থকা তিনিজন ক্ৰমে প্ৰদীপ নৰহ, শৈল্যৰাম পায়েং, দীনেশ্বৰ মিলি বুলি জানিব পৰা গৈছে৷
বৰ্তমানে এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উক্ত তিনিজন লোকৰ সন্ধান উলিয়াব পৰা নাই।









