অসম

ভুৱা চাৰ্টিফিকেটেৰে টেটত নিযুক্তি! ৰাজ্যজুৰি ৩৬ জনক চিনাক্ত, ২২ জনক গ্ৰেপ্তাৰ…

দালালৰ পাছত এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অভিযান।

টে’টৰ ভুৱা মাৰ্কশ্বীট, চাৰ্টিফিকেটেৰে নিযুক্তি লোৱা কেইবাজনো প্ৰৱঞ্চকক গ্ৰেপ্তাৰ।

ভুৱা চাৰ্টিফিকেটেৰে চাকৰি লোৱা ২২গৰাকী টেট শিক্ষকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই লগতে কয় যে, ভুৱা চাৰ্টিফিকেটেৰে টেটত নিযুক্তি লোৱা ৩৬ জন লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

ভুৱা প্ৰমাণ-পত্ৰৰে চাকৰি লোৱা সকলো টেট শিক্ষককে গ্ৰেপ্তাৰ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ কয়- ৰাজ্যত সক্ৰিয় হোৱা ভুৱা নথি পত্ৰ প্ৰস্তুত কৰা চক্ৰক শীঘ্ৰে উৎখাট কৰা হব। জালিয়াতি কৰা সকল কেতিয়াও সাৰি নাযায়।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ টেট শিক্ষকৰ নিযুক্তিত বহু শিক্ষকে ভুৱা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা বুলি বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

কিছুদিন পূ্বে নগাঁও আৰক্ষীয়ে অভিযান কালত নগাঁৱত এটা বৃহৎ ভুৱা প্ৰমাণপত্ৰ নিৰ্মাণ কৰা চক্ৰ উৎখাত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *