মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, মই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱামঃ ভূপেন বৰা

নিউজ ডেস্ক। আজি ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস। সমগ্ৰ দেশৰ লগতে আজি অসমতো পালন কৰা হৈছে গণতন্ত্ৰ দিৱস।

তাৰ মাজতে স্বৰচিত কবিতা পাঠ কৰি মুখ্যমন্ত্ৰীক তুলাধূনা দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

APCC-president-Bhupen-Borah-addressing-press-conference-at-Rajiv-Bhawan-in-Guwahati-on-03-01-22-Pix-

“মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, মই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱাম” বুলি মন্তব্য কৰি সাংবাদিকৰ সন্মুখত স্বৰচিত কবিতা আওৰালে কংগ্ৰেছ নেতা ভূপেন বৰাই।

আকাংশলঙ্ঘী মূল্যবৃদ্ধিৰ পৰা মেঘালয়ৰ হাতত অসমৰ ভূমি হস্তান্তৰ কৰালৈকে সকলো জ্বলন্ত সমস্যাক পদ্যৰূপ দি ভূপেন বৰাই আওৰায় “মই ফায়াৰ ব্ৰিগেড” শীৰ্ষক কবিতা।

তেওঁৰ স্বৰচিত কবিতাটো এনেধৰণৰ-

“মই ফায়াৰ ব্ৰিগেড

বজাৰত জ্বলিছে জুই
চৰকাৰ আছে শুই
নিবনুৱাৰ বুকুতো জ্বলিছে জুই
বুলেট খাই কীৰ্তিকমল আছে শুই
দুখীয়াৰ পেটত জ্বলিছে জুই
শুদা চাউল খাই আমিও আছোঁ শুই।

পুলিচ পিটিকা হব অপৰাধী ধৰিলে
সংবাদো সোপা দিব ৰাজমাতাৰ খবৰ ছপালে
মিজোৰাম সীমান্ততো ওলাইছে জুই
দেখিছিলোঁ আমি চকুৰ পানীৰ নৈ
জাতি-মাটি-ভেটি এৰি দিব গৈ
মেঘালয়ে আদৰিব বৰপীৰা লৈ।

গণতন্ত্ৰ তোমাৰ মন্ত্ৰ
ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ব
আজি অসমত লাঞ্ছিত আৰু বঞ্চিত।

খৰি ফলা দি জাতিক ফালিছে
উম উমাই যেন জুই জ্বলিছে
জুই জাতিৰ মূৰত জ্বলিছে
জুই জাতিৰ হৃদয়ত জ্বলিছে।

চৰকাৰ তই জুই জ্বলাইছ
মই নুমুৱাম
মই ফায়াৰ ব্ৰিগেড হৈ পানী চতিয়াম
মই জুই নুমুৱাম।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰক সততে কঠোৰ ভাষাৰে সমালোচনা কৰি অহা এপিচিচিৰ সভাপতি ভূপেন বৰাই ইয়াৰ পূৰ্বে শিল্পী দিৱসৰ দিনাও জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা আওৰাই অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল।

Leave a Comment