গ্ৰীণ টেকন’লজিৰে পথ নিৰ্মাণত অভিলেখ, গোৱালপাৰালৈ প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা…

গোৱালপাৰা জিলালৈ আগবঢ়োৱা হ’ল ‘এক্সেলেন্স ‘ইন পাব্লিক এডমিনিষ্ট্রেচন, ২০২০’ বঁটা।

যোৱা ২১ এপ্ৰিলত এই বঁটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ তদানীন্তন উপায়ুক্ত তথা বৰ্তমান কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই।

উল্লেখ্য যে, গ্ৰীণ টেকন’লজিৰে পথ নিৰ্মাণত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনক প্ৰদান কৰা হয় এই বিশেষ বঁটা।

প্ৰণিধানযোগ্য যে, ২০১৮ চনত প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত গোৱালপাৰা জিলাত ৫৬৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন দিয়া হৈছিল। কিন্তু সেই সময়ত পথ নিৰ্মাণৰ বাবে পৰ্যাপ্ত শিলৰ অভাৱ ঘটিছিল।

তদুপৰি ২০১৮ চনৰ মাৰ্চত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষ্ণাই নদীৰ ওপৰত থকা আৰচিচি দলংখনত ফাঁট মেলাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে কেঁচা সামগ্ৰী জিলাখনলৈ অনাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।

image 37
গ্ৰীণ টেকন’লজিৰে পথ নিৰ্মাণত অভিলেখ, গোৱালপাৰালৈ প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা... 2

পৰৱৰ্তী সময়ত গোৱালপাৰাৰ গড়কাপ্তানী পথ সংমণ্ডলে গ্রীন টেকন’লজিৰে কম সময়ৰ ভিতৰতে ৫৬৫ কিলোমিটাৰ পথৰ ভিতৰত প্ৰায় ৩৫০ কিলোমিটাৰ পথ নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰে।

আনহাতে গোৱালপাৰা জিলাৰ তদানীন্তন গড়কাপ্তানী পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা পদ্মনন্দ চৌধুৰী, পি এম জি এছ ৱাইৰ ন’ডেল বিষয়া বনজিত অধিকাৰী, অভিযন্তা নোৱাজিশ আহমেদ আৰু নিৰ্মল ৰয় চৌধুৰীয়ে ২০১৯ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত কর্মশালাত অংশগ্ৰহণ কৰি পথ নিৰ্মাণৰ সমগ্ৰ বিষয় প্রদর্শন কৰে।

গ্ৰীণ টেকন’লজিৰ ব্যৱাহেৰেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰা গোৱালপাৰা জিলা প্ৰশাসনক প্ৰধানমন্ত্ৰীৰ বঁটাৰ বাবে ২০২০ চনতে বাচনি কৰা হৈছিল যদিও কোভিড পৰিস্থিতিৰ বাবে এই বঁটা প্ৰদানত পলম হয়।

শেহতীয়াকৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত চিভিল চাৰ্ভিছ দিৱস উপলক্ষ্যে অনুষ্ঠিত অনুষ্ঠানত তেতিয়াৰ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাক এই বঁটা প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।

জিলাখনক এই বিশেষ সন্মান প্ৰদানৰ ক্ষেত্ৰত আৰু গ্ৰীণ টেকন’লজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত তদানীন্তন জিলা উন্নয়ন আয়ুক্ত ইন্দ্ৰ কলিতা, সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৌতম মজুমদাৰ, অতিৰিক্ত সহকাৰী আয়ুক্ত স্নিগ্ধা মিথাৰ পাংছা আৰু সুপ্রভা ৰয়ৰ লগতে জিলাখনৰ কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়াইছিল।

Leave a Comment