অসম

জামিন লাভৰ পাছতে পুনৰ গ্ৰেপ্তাৰ হ’ল জিগনেশ মেৱানী…

জামিন লাভৰ পাছতে পুনৰ গ্ৰেপ্তাৰ হ’ল জিগনেশ মেৱানী।

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক সোমবাৰে কোকৰাঝাৰৰ এখন স্থানীয় আদালতে জামিন প্ৰদান কৰিলেও বৰপেটাৰোড থানাত ৰুজু হোৱা আন এক গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।

জিগনেশ মেৱানীক বৰপেটাৰোড থানাত ৰুজু হোৱা আন এক গোচৰৰ ভিত্তিত আটক কৰি বৰপেটাৰোড থানালৈ লৈ যায়।

গোচৰ নং 81/22 ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ জিগনেশক।

ভাৰতীয় দণ্ডবিধি আইনৰ294/323/353/354ৰ অধীনত ৰজু হৈছে গোচৰ। কোকৰাঝাৰ জেইলৰ পৰা বৰপেটালৈ লৈ যায় জিগনেশ মেৱানিক।

বৰপেটাৰোডৰ লগতে গোৱালপাৰাতো গুজৰাটৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত টুইট কৰাৰ বুলি কোকৰাঝাৰৰ এজন বিজেপি নেতাই অভিযোগ দাখিল কৰাৰ পাছতে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পালনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল গুজৰাটৰ বিধায়ক গৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *