নিউজ ডেস্কঃ বিজেপি চৰকাৰৰ দিনত হোৱা নাই নিযুক্তি কেলেংকাৰী। নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। -ৰাজ্যত শেহতীয়াকৈ নিযুক্তি কেলেংকাৰীক লৈ যিমানেই প্ৰতিক্ৰিয়া সৃষ্টি নহওক কিয়, যিমানেই তথ্য-প্ৰমাণ ফাদিল নহলেও নিকা আৰু স্বচ্ছ নিযুক্তি সম্পন্ন হোৱাৰ দাবীত অটল বিজেপি চৰকাৰ।
ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি অব্যাহত থকা বিতৰ্ক সন্দৰ্ভত। বিজেপি চৰকাৰৰ দিনত নিযুক্তি কেলেংকাৰী হোৱাই নাই বুলি দাঠি কৈ মন্ত্ৰীজনে অভিযোগৰ আঙুলি টোঁৱালে কংগ্ৰেছৰ দিনলৈহে।
এপিএছচি কেলেংকাৰীৰ কথা দোহাৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী- কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰৰ লোকে চাকৰি পাইছিল। অৱশ্যে কংগ্ৰেছৰ পৰাই আজি গেৰুৱা বসন পৰিধান কৰি বৰ বৰ কথা কোৱাৰ যোগ্যতা অৰ্জন কৰা এইগৰাকী মন্ত্ৰীয়ে কংগ্ৰেছত থকা কালত নিযুক্তি কেলেংকাৰীৰ তেওঁৱো অংশ আছিল নেকি সেয়াহে স্পষ্ট নকৰিলে।
মন্ত্ৰী হাজৰিকাৰ মতে, কোনোবা এজনে বিধায়কৰ সৈতে ফটো উঠিলেই তেওঁ অযোগ্য হৈ নাযায়। বিজেপি চৰকাৰৰ দিনত যোগ্যজনেহে চাকৰি লাভ কৰিছে। পৰীক্ষাৰ ফলাফলৰ সময়ত সকলো স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।
তেওঁ লগতে সাংবাদিকক আহ্বান জনায় যে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত বাচনি হোৱা প্ৰাৰ্থীসকলৰ ঘৰে ঘৰে গৈ সাক্ষাৎকৰ গ্ৰহণ কৰক, তেওঁলোকৰ ঘৰবোৰ দেখাওক।
অন্যহাতে শেহতীয়াকৈ সামাজিক মাধ্যমত নিযুক্তি কেলেংকাৰীক লৈ ভাইৰেল হৈ পৰা তথ্য-প্ৰমাণ সন্দৰ্ভত ‘মই একো নাজানো’ বুলি বাৰে বাৰে কৈ মাত্ৰ এটা কথাই মন্ত্ৰীগৰাকীয়ে কৈ থাকে যে বিধায়কৰ সৈতে এখন ফটো উঠিলেই অযোগ্য হৈ নাযায়।









