জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা, নিহত ২ দুধৰ্ষ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ অভিযানত মঙলবাৰে পুৱতি নিশা নিহত দুই দুজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সন্ত্ৰাসবাদী দুজন জম্মু-কাশ্মীৰত এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু এজন সাধাৰণ নাগৰিকৰ হত্যাৰ সৈতেও জড়িত আছিল। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী দুজনৰ পৰা অত্যাধুনিক মৰাণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলীৰ বিষয়ে গোপন খবৰ লাভ কৰে সেনাই।

ইয়াৰ পিছত সেনা, অৰ্ধসামৰিক বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে আৱন্তিপোৰাৰ ৰাজপোৰা অঞ্চলত অভিযান আৰম্ভ কৰে। এই অভিযানত শ্বাহিদ ৰাথেৰ আৰু ওমৰ ইউছুফ নামৰ দুজন সন্ত্ৰাসবাদী নিহত হয়।

কাশ্মীৰ আৰক্ষীৰ আই জি পি বিজয় কুমাৰে জনোৱা মতে, পুলৱামাৰ আৰিপালত চাকিলা নামৰ এগৰাকী মহিলা আৰু জাভিদ আহমেদ নামৰ এজন চৰকাৰী কৰ্মীক হত্যা কৰা ঘটনাৰ সৈতে জড়িত আছিল নিহত সন্ত্ৰাসবাদী শ্বাহিদ।

উল্লেখযোগ্য যে দেওবাৰে নিশা পুলৱামাৰ গুণ্ডিপোৰা গাঁৱতো দুজন জইছ-ই-মহম্মদৰ উগ্ৰপন্থী নিহত হৈছিল। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত উপত্যকাটোত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত হৈছিল পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠন লস্কৰ-এ-তৈবাৰ এজন কুখ্যাত সেনাপ্ৰধানসহ দুজন উগ্ৰপন্থী।

Leave a Comment