অসমঅসমীয়া

ক’ত আছে আলফা (স্বাধীন)ৰ শিৱিৰৰ পৰা পলায়ন কৰা সুৰজিৎ-শ্যামল?

নিউজ ডেস্ক। আলফা (স্বাধীন)ৰ ম্যানমাৰত থকা শিৱিৰৰ পৰা পলায়ন কৰা দুজন কেডাৰক সংগঠনটােৱে নিধন কৰিবলৈ ফটােৱা জাৰি কৰাৰ সময়তে পােহৰলৈ আহিছে তেওঁলােকৰ শেহতীয়া অৱস্থান।

জানিব পৰা মতে, খাদ্য অনাৰ ছলেৰে সুৰজিৎ গগৈ ওৰফে খেপৌ অসম আৰু শ্যাম বৰুৱা ওৰফে নিয়ৰ অসমে শিবিৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল।

photo1653821010

সুৰজিৎ গগৈৰ ঘৰ তিনিচুকীয়া জিলাৰ দুই নং নলনি গাঁৱত আৰু শ্যাম বৰুৱাৰ ঘৰ পশ্চিম মামৰণি অঞ্চলৰ বাসিন্দা।

ইয়াৰ পিছতে সংগঠনটোৰ শীর্ষ নেতৃত্বই দুয়োকে হত্যাৰ নির্দেশ দিয়া বুলি আৰক্ষী আৰু চোৰাংচোৱাই লাভ কৰিছিল।

এই খবৰটো বিয়পি পৰাৰ লগে লগে দুয়োজন আলফা সদস্যৰ পৰিয়ালত হাহাকাৰ লাগে।

তেনে এক ৰহস্যঘন পৰিবেশৰ মাজতে অৰুণাচলৰ খুনচাস্থিত ৬ আছাম ৰাইফলছৰ শিবিৰত ম্যানমাৰৰ পৰা পলায়ন কৰা আলফা (স্বা)ৰ দুয়োজন সদস্যই আশ্রয় লোৱা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি খুনচাৰ আছাম ৰাইফলছৰ শিবিৰত আশ্ৰয় লৈ থকা আলফা (স্বা)ৰ দুয়োজন সদস্যক দুই-এদিনৰ ভিতৰতে তিনিচুকীয়া আৰক্ষীলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *