জম্মু-কাশ্মীৰত সাধাৰণ গঞাৰ হাতত আটক ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, গাঁওবাসীলৈ পুৰস্কাৰ ঘোষণা উপ-ৰাজ্যপালৰ

নিউজ ডেস্কঃ পাক সন্ত্ৰাসবাদৰ ঘাটী হৈ পৰা ভূস্বৰ্গ জম্মু-কাশ্মীৰত এইবাৰ সেনা-আৰক্ষীয়ে নহয়, বৰং গঞাৰ হাতত বন্দী হ’ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ২ কেডাৰ।

দেওবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াছী জিলাৰ তুকচুন গাঁৱত স্থানীয় গাঁওবাসীয়ে সন্ত্ৰাসবাদী দুটাক আটক কৰি সেনাৰ হাতত চমজাই দিয়ে। জানিব পৰা মতে, সন্ত্ৰাসবাদী দুটাই গাঁওখনত টহল দি থকাৰ সময়তে গাঁওবাসীয়ে সন্দেহবশতঃ অতি কৌশলেৰে দুয়োকে আটক কৰে।

photo1656914278
জম্মু-কাশ্মীৰত সাধাৰণ গঞাৰ হাতত আটক ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, গাঁওবাসীলৈ পুৰস্কাৰ ঘোষণা উপ-ৰাজ্যপালৰ 3

এই সন্ত্ৰাসবাদী দুটাৰ কৰায়ত্বই জম্মু-কাশ্মীৰৰ অমৰনাথ ধামলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ ওপৰত সংঘটিত হবপৰা ভয়ংকৰ কূটাঘাত নিঃশেষ কৰে বুলি মন্তব্য কৰে সেনাই।

ইফালে ধৃত সন্ত্ৰাসবাদী দুটাৰ এজন বিজেপিৰ প্ৰাক্তন সক্ৰিয় কৰ্মী আছিল বুলি চিনাক্ত কৰা হৈছে। তালিব হুছেইন নামৰ ৰাজৌৰি জিলাৰ সন্ত্ৰাসবাদীটো জম্মুৰ বিজেপি সংখ্যালঘু মৰ্চাৰ তথ্য প্ৰযুক্তি তথা সামাজিক মাধ্যমৰ দায়িত্বত আছিল বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে, দুমাহ পূৰ্বে তালিব হুছেইনে বিজেপিৰ পৰা পদত্যাগ কৰিছিল। আনহাতে ৰাজৌৰিত বিগত সময়ত সংঘটিত কেইবাটাও আইইডি, গ্ৰেণেড বিস্ফোৰণত তালিব হুছেইন জড়িত থকা বুলি জনায় আৰক্ষীয়ে।

photo1656914277
জম্মু-কাশ্মীৰত সাধাৰণ গঞাৰ হাতত আটক ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, গাঁওবাসীলৈ পুৰস্কাৰ ঘোষণা উপ-ৰাজ্যপালৰ 4

ইফালে দেওবাৰে গঞা ৰাইজে আটক কৰা আনজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক ফেইজল আহমেদ বুলি চিনাক্ত কৰা হৈছে। দুয়োটা সন্ত্ৰাসবাদীৰ পৰা সেনাই দুটা এ.কে ৰাইফল, ৭টা গ্ৰেণেড আৰু এটা পিষ্টলৰ লগতে বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে।

ইপিনে স্থানীয় গাঁওবাসীয়ে নিৰ্ভীকভাৱে দুটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আটক কৰাৰ পিছত স্থানীয় গাঁওবাসীক ধন্যবাদ জনাইছে আৰক্ষী মহাপৰিদৰ্শক দিলবাগ সিঙে। লগতে স্থানীয় গাঁওবাসীলৈ ২ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰে তেওঁ। তদুপৰি গাঁওবাসীয়ে দেখুওৱা সাহসিকতাৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাইও ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে গাঁওবাসীলৈ।