কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা! ছুখই যুঁজাৰু বিমানৰ পাইলটৰ কৰুণ মৃত্যু…

কাজিৰঙাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যু ছুখই যুঁজাৰু বিমানৰ পাইলটৰ।

বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ভাৰতীয় বায়ু সেনা বাহিনীৰ ফ্লাইট লেফ্টটেনেণ্ট জৰ্জ কুৰীয়াকৰ্জ্জৰ মৃত্যু হয়।

1
কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা! ছুখই যুঁজাৰু বিমানৰ পাইলটৰ কৰুণ মৃত্যু... 2

জানিব পৰা মতে, ছুখই যুঁজাৰু বিমানৰ পাইলট জৰ্জ কুৰয়াকৰ্জ্জে বৃহস্পতিবাৰে নিশা তেজপুৰৰ বায়ু সেনা বাহিনীৰ ঘাটিৰ পৰা এইচ পি-৩৮-জি-০৫৭১ নম্বৰৰ এম জি হেক্টৰ বাহনেৰে যোৰহাটলৈ গৈ আছিল।

তেনে সময়তে কাজিৰঙাৰ কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত বচা গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীতে দিশৰ পৰা আহি থকা এখন ট্ৰেলাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত বাহনখন সম্পুৰ্ণৰূপে ধ্বংস হৈ পৰাৰ লগতে ঘটনাস্থলীতে মৃত্যু হয় বায়ু সেনা বাহিনীৰ পাইলট গৰাকীৰ।

এই পথ দুৰ্ঘটনাত ট্ৰেলাৰখনৰ হেণ্ডিমেনজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

অৱশেষত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পাইলট গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেলাৰ ট্ৰাকখনো জব্দ কৰিছে।

Leave a Comment