নিউজ ডেস্ক। অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে দেশৰ জনপ্ৰিয় কমেডিয়ান সত্য প্ৰকাশ শ্ৰীবাস্তৱ ওৰফে ৰাজু শ্ৰীবাস্তৱে।
যােৱা ১੦ আগষ্টৰ পৰা চিকিৎসাধীন হৈ থকা ৰাজু শ্ৰীবাস্তৱৰ বুধবাৰে মৃত্যু হয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ।

উল্লেখ্য যে জিমত ব্যায়ামৰ সময়ত বুকুত বিষৰ অনুভৱ হােৱাৰ পিছত তেওঁক নতুন দিল্লীস্থ এইমছত ভৰ্তি কৰােৱা হৈছিল।
কিন্তু ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু অৱশেষত বুধবাৰে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

উল্লেখ্য যে তেওঁ ষ্টেণ্ড-আপ কমেডি শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইং ২੦੦৫ চনত দেশজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল এই অনুষ্ঠানে।
ইয়াৰ উপৰি তেওঁ হিন্দী চলচ্চিত্ৰ “মেইনে পিয়াৰ কিয়া”, “বাজিগৰ”, “বোম্বে টু গোৱা” (ৰিমেক) আৰু “আমদানি আঠানি খৰচা ৰূপৈয়া”ত অভিনয় কৰিছিল।
তেওঁ “বিগ বছ” চিজন-৩ অন্যতম প্ৰতিযোগী আছিল।
তেওঁ উত্তৰ প্ৰদেশ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল।









