মৰ্মান্তিক! ATMৰ টকা কঢ়িওৱা বাহনৰ খুন্দাত নিহত এগৰাকী কণমানি স্কুলীয়া ছাত্ৰী…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ATMৰ টকা কঢ়িওৱা বাহনৰ খুন্দাত নিহত এগৰাকী কণমানি স্কুলীয়া ছাত্ৰী।

গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত দ্বিতীয় শ্রেণীৰ ছাত্রী শ্বাহনাজ বেগম বুলি জানিব পৰা গৈছে।

গৌৰীপুৰৰ মাটিয়াবাঘ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

মাটিয়াবাঘ LP স্কুলৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল শ্বাহনাজ বেগম নামৰ ছাত্ৰীগৰাকী।

উল্লেখ্য যে, অইনদিনাৰ দৰে মঙলবাৰেও শ্বাহনাজে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল।

ঘৰলৈ আহি থকা অৱস্থাতে বিদ্যালয়ৰ সন্মুখত গৌৰীপুৰৰ পৰা আলমগঞ্জ অভিমুখে তীব্ৰবেগত গৈ থকা AS01 EC9430 নম্বৰৰ ATMৰ টকা কঢ়িওৱা বাহনখনে প্ৰচণ্ড খুন্দা মাৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কণমানি ছাত্ৰীগৰাকীৰ কৰুণত মৃত্যুত সমগ্ৰ অঞ্চলটে শোকৰ ছাঁ পৰিছে।