অসম

জনতাৰ ওপৰত পুনৰ মাধমাৰ! আজি মাজ নিশাৰ পৰা বৃদ্ধি পাব টোল টেক্স…

গাড়ীখন লৈ ওলাই যোৱাৰ সময়ত আপুনি এতিয়াৰে পৰা কেৱল পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কথা চিন্তা কৰিলেই নহ’ব, বৰং আপুনি চিন্তা কৰিব লাগিব টোলটেক্সৰ অধিক মূল্যৰ বিষয়েও।

কিয়নো ১ এপ্ৰিলৰ পৰা পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাবলৈ সাজু হৈছে চৰকাৰ।

১ এপ্ৰিলৰ পৰা ৰাজ্যত টোল টেক্সৰ নিৰিখ ১৫ শতাংশ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। যাৰ বাবে সাধাৰণ জনতাই ১ এপ্ৰিলৰ পৰা বৰ্ধিত টোল টেক্স ভৰিব লাগিব।

সোণাপুৰ, ৰহা, মদনপুৰ গলিয়া, মান্দেৰদিছা, মিকিৰআটি টোল গেটৰ নিৰিখ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকে এতিয়া অতিৰিক্ত ধন ব্যয় কৰিব লাগিব। ৰহা টোলগেটত লঘু বাহনত পূৰ্বৰ ৯৫ টকাৰ বিপৰীতে ১ এপ্ৰিলৰ পৰা ভৰিব লাগিব ১১০ টকা।

সেইদৰে সোণাপুৰত পূৰ্বৰ ১১৫ৰ ঠাইত ১৩০ টকা, মদনপুৰ টোল গেটত পূৰ্বৰ ১১০ টকাৰ ঠাইত ১২৫ টকা, মান্দেৰদিছা টোল গেটত পূৰ্বৰ ৮৫ টকাৰ বিপৰীতে ১০০ টকা টোল টেক্স ভৰিব লাগিব সাধাৰণ বাহন চালকে।

ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ব্যতিব্যস্ত কৰাৰ সময়তে এনদেৰ টোলটেক্স বৃদ্ধি কৰাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *