অসম

ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীৰ বৃহৎ জয়, কোনে পালে কিমান ভোট..?

নানান জল্পনা-কল্পনাৰ অন্তত অৱশেষত ঘোষিত হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল।

ৰাজ্যসভা নিৰ্বাচনত মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীৰ বৃহৎ জয়।

ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰী।

পৱিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰিছে ৪৬টা ভোট।

আনহাতে ৰণগৌৰা নাৰ্জাৰীয়ে লাভ কৰিছে ৪৪ টা ভোট।

প্ৰথমখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় প্ৰায় নিশ্চিত আছিল যদিও দ্বিতীয়খন আসনকলৈ আকৰ্ষণীয় হৈ পৰিছিল ৰাজনীতি।

কিন্তু সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ৰণগৌড়া নাৰ্জাৰীৰ হাততপৰাস্ত হয় বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা।

ৰিপুণ বৰাই লাভ কৰে ৩৫টা ভোট। এটা ভোট বাতিল হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *