ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১ এপ্ৰিল, শুকুৰবাৰ

মেষ ৰাশি- দিনটো সাধাৰণ ভাৱেই পাৰ হব। সন্ধিয়া কাৰ্যালয়ৰ পিছত ঘৰলৈ উভতি অহাৰ সময়ত বন্ধুবৰ্গৰ সৈতে বিবাদ হ’ব পাৰে। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান হওক। আধৰুৱা হৈ থকা কাম সম্পন্ন কৰিব পাৰে। পৰিয়ালত সদ্ভাৱ থাকিব। পত্নীৰ স্বাস্থ্যৰ যতন লওক। কোনো ভাল খবৰ লাভ কৰিব পাৰে। বাহন আদি ক্ৰয় কৰাৰ আগ্ৰহ বাঢ়িব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- ঈৰ্ষা আৰু বিৰক্তিয়ে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। মনৰ কথা আনৰ আগত খুলি কোৱাৰ ক্ষেত্ৰত সাৱধান হওক। উপাৰ্জন বৃদ্ধি হ’লেও অধিক ব্যয়ে আপোনাক আজি আৰ্থিক সমস্যাত পেলাব পাৰে। ঘৰত শান্তিৰ পৰিৱেশ থাকিব। এজন পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হব পাৰে। খং আৰু আবেগ পৰিহাৰ কৰি চলক। পত্নীৰ সৈতে ফুৰিবলৈ যাব পাৰে।

মিথুন ৰাশি- আত্মীয়ৰ সৈতে বিভেদ হ’ব পাৰে। উৰাবাতৰিৰ পৰা আঁতৰি থাকক। মনত সুখ থাকিব যদিও কৰ্ম সংক্ৰান্তীয় কিছু চিন্তাইও মাজে মাজে ক্ৰিয়া কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ যদি পৰিকল্পনা কৰি আছে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে শুভ। ধন সঞ্চয় কৰিবলৈ সক্ষম হব। সৃষ্টিশীল কামত সফলতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব। নিবনুৱাসকলে আজি নিযুক্তিৰ সুযোগ পাব। বিবাহৰ উপযুক্ত সকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ঘৰত সুখৰ পৰিৱেশ থাকিব। পৰিয়ালত মাংগলিক অনুষ্ঠান সম্পন্ন হ’ব পাৰে। শিক্ষাৰ্থী সকলে আজি অধিক পৰিশ্ৰম কৰিলেহে সফলতা লাভ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

সিংহ ৰাশি- হতাশা বা চাপৰ ফলত মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। সন্দেহজনক অৰ্থনৈতিক লেনদেনত ধৰা পৰাৰ পৰা সাৱধান হওক। বস্ত্ৰ আদিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ দ্বাৰা গ্ৰহণ কৰা কোনো সিদ্ধান্তই পৰিয়ালত মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। পত্নীৰ সৈতেও আজি ভুল বুজাবুজি হ’ব পাৰে। কৰ্মৰ খাতিৰত দূৰ ভ্ৰমণ কৰিবলগা হ’ব পাৰে।

কন্যা ৰাশি- আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে অলপ সচেতন হ’ব লাগিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অলপ কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে। কিন্তু তেওঁলোকে এই কঠোৰ পৰিশ্ৰমৰ প্ৰত্যাশিত ফলাফলো পাব। কামৰ চাপ আৰু পৰিয়ালত থকা মতভেদে মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। উপাৰ্জন হ্ৰাস আৰু ব্যয় অধিক হব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- পত্নীৰ সমৰ্থনত আজি আপুনি কোনো নতুন কাৰ্য হাতত ল’ব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। ভাতৃৰ সৈতে বিভেদ ঘটিব পাৰে। খং পৰিহাৰ কৰি নচলিলে আজি আপুনি নিজেই বিপদত পৰিব। ঘৰলৈ পত্নীৰ ফালৰ অতিথিৰ আগমণ ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব।

বৃশ্চিক ৰাশি- আপোনাৰ নেতিবাচক আৱেগ আৰু প্ৰৱণতাৰ নিয়ন্ত্ৰণ কৰক। আপোনাৰ ৰক্ষণশীল চিন্তা/পুৰণি চিন্তাই আপোনাৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে। পিতৃৰ পৰা বিত্তীয় সহযোগিতা লাভ কৰিব। যদি আপুনি আজি ভ্ৰমণ কৰে, তেন্তে এই ভ্ৰমণ আপোনাৰ বাবে কষ্টদায়ক প্ৰমাণিত হব। স্বাস্থ্যৰ যতন লওক। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।

ধনু ৰাশি- আজি আপুনি এখন প্ৰতিযোগিতাত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ’ব আৰু আপুনি হাতত লোৱা কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰিব। আজি আপুনি অৰ্থনৈতিক বিষয়ত অতিৰিক্ত সাৱধান হ’ব লাগিব। ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিবলগীয়া হব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে বিবাদ হব পাৰে।

মকৰ ৰাশি- আকস্মিকভাৱে ধন লাভ কৰিব পাৰে। কিন্তু ধনৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে সাৱধান হওক। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ আজি লাভজনক হব। কৰ্মক্ষেত্ৰত আধৰুৱা কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হব পাৰে। সাক্ষাৎকাৰত সফলতা লাভ কৰিব পাৰিব। পাৰিলে আজি বাহন যাত্ৰা পৰিহাৰ কৰক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আপোনাৰ আচৰণে আজি সহজতে আনৰ মন জয় কৰিব পাৰিব। আজি আপুনি অজ্ঞাত শত্ৰুৰ পৰা সাৱধান হৈ থকা ভাল। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। মাতৃ অথবা পৰিয়ালৰ এগৰাকী মহিলাৰ পৰা আপুনি ধন লাভ কৰিব পাৰে। ধৰ্মীয় কাৰ্যত আশ্বাস বৃদ্ধি পাব।

মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব। আজি আপুনি আপোনাৰ বক্তব্যৰ মধুৰতাৰে আনৰ মনত এক ইতিবাচক প্ৰভাৱ পেলাব পাৰিব। আপোনাৰ বিনম্ৰতাই আজি আনৰ মন জয় কৰিবলৈ সক্ষম হব। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। বন্ধুৰ ঘৰলৈ আমন্ত্ৰণ লাভ কৰিব পাৰে। পাব লগীয়া ধন আজি আপুনি লাভ কৰিব পাৰে। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আপোনাৰ বাবে লাভজনক হব।

Related Articles

Leave a Reply

Back to top button