ছেমি ফাইনেলত পৰাস্ত পি ভি সিন্ধু, অৱশ্যে ব্ৰঞ্জৰ পদক জয়ৰ আছে সম্ভাৱনা…

অলিম্পিকৰ পৰাজয়ৰ সন্মুখিন হ’ল প্রাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধু।

শনিবাৰে টকিঅ’ অলিম্পিকছত বিশ্বৰ ১ নম্বৰ খেলুৱৈ টাই জু য়িঙৰ হাতত ছেমিফাইনেলত পৰাস্ত হয় সিন্ধু।

মহিলাৰ একক বেডমিণ্টন ইভেণ্টৰ ছেমি ফাইনেলত সিন্ধু পোনপটীয়া ছেটত শীৰ্ষ স্থানপ্ৰাপ্ত য়িঙৰ হাতত ১৮-২১, ১২-২১ৰ ব্যৱধানত পৰাস্ত হয়।

মন কৰিবলগীয়া যে টাই ঝুৰ সৈতে শেহতীয়া তিনিবাৰৰ মুখামুখিত ভাৰতীয় শ্বাটলাৰগৰাকী পৰাজয়ৰ মুখামুখি হৈছে৷

অৱশ্যে, এই পৰাজয়ৰ পাছতো তেওঁৰ পদক জয়ৰ সম্ভাৱনা আছে।

১ আগষ্ট তাৰিখে ভাৰতীয় শ্বাটলাৰগৰাকীৰ ব্ৰঞ্জ পদকৰ বাবে যুঁজিব।

প্ৰথমখন ছেমি ফাইনেলত পৰাস্ত হোৱা চীনৰ হে বিংঘিঅ’ৰ বিৰুদ্ধে সিন্ধুৱে দেওবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অংশ ল’ব।

Leave a Comment