অসমনাগালেণ্ড

অসম-নাগালেণ্ড সীমান্ত সংঘাতঃ ডিমাপুৰত দুয়োখন চৰকাৰৰ মাজত বিশেষ বুজাবুজি চুক্তি স্বাক্ষৰ…

ক্ৰমাৎ শান্তিৰ দিশে অগ্ৰসৰ অসম-নাগালেণ্ডৰ সীমান্তৰ সংঘাতময় পৰিৱেশ।

সীমা সমস্যা শান্তিপূৰ্ণ সমাধানৰ বাবে শনিবাৰে নাগালেণ্ডৰ ডিমাপুৰত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি।

ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী কমপ্লেক্সত অনুষ্ঠিত হোৱা বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টন আৰু অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰ হয়।

সীমা সমস্যা শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সন্মত হয় দুয়োপক্ষ।

চুক্তিৰ প্ৰাথমিক তথ্য অনুসৰি মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ নিজৰ আৰক্ষী শিবিৰ শীঘ্ৰে আঁতৰাই নিব বুলি জানিব পৰা গৈছে।

দুয়ো পক্ষই শান্তিপূৰ্ণ ভাৱে সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়িব যদিও এই চুক্তিত অন্য কি কি বিষয়ে স্থান লাভ কৰিছে  সেই তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগা আগ্ৰাসনকলৈ দুয়োখন ৰাজ্য মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *