অসম

জঘন্য কাণ্ডঃ নিশা দুৰ্বৃত্তই কাটি থৈ গ’ল হেন্দালি বগোৱা দুবিঘা মাটিৰ লাও-কোমোৰাৰ গছ

নগৰবেৰাত ৩ (তিনি)পাচলি খেতিয়কৰ মূৰত ৰামটাঙোন শোধালে অচিনাক্ত দুৰ্বৃত্তই।

নিশা এমূৰৰ পৰা কাটি থৈ গ’ল হেন্দালি বগোৱা দুবিঘা মাটিৰ লাও-কোমোৰাৰ গছ।

নগৰবেৰাৰ যোগীপাৰাত সংঘটিত হৈছে এই ঘটনা।

তিনিজন লোকে ব্যৱসায়িক ভিত্তিত কৰা দুই বিঘা মাটিৰ লাও-কোমোৰাৰ গছ কাটি থৈ গ’ল অচিনাক্ত দুৰ্বৃত্তই।

অঞ্চলটোৰ মন্দিৰা আৰক্ষী চকীৰ অধীনস্থ যোগীপাৰা গাঁৱৰ ক্ৰমে-শংকৰ কলিতা, অজিত দাস আৰু সমুদ্ৰ দাসে দুবিঘা মাটিত ব্যৱসায়িক ভিত্তিত ৰুইছিল লাও ,কোমোৰা, লেচেৰি মাহ আদিবোৰ পাচলি।

image 5

গছবোৰ ধুনীয়া চেহেৰাৰে হেন্দালি বগাই লাগিব ধৰোতেই কোনোবা দুৰ্বৃত্তই এমূৰৰ পৰা কাটি থৈ গ’ল গুৰিতেই।

দেওবাৰৰ পুৱা কিছু পলমকৈ ৰ’দত গচবোৰ লেৰেলিব ধৰাতহে পোহৰলৈ আহিছে এই জঘন্য কাণ্ড।

বেংকৰ উপৰি লোকৰ পৰা ধাৰ-ঋণ ল’ই তিনিজনে মিলি ৰুইছিল গছবোৰ ,লকডাউনৰ বাবে অইন কাম কৰিব নোৱাৰি কৰিছিল এই পাচলি খেতি।

image 6

পিছে সহ্য নহ’ল চকুচৰহা একাংশৰ আৰু সেয়ে গুৰিতেই এমূৰৰ পৰা কাটি দিলে হেন্দালি বগোৱা গছবোৰ।

দুঃশ্চিন্তাত পৰিছে উদ্যমী তিনি খেতিয়ক ,আশা-সপোন সকলো নিমিষতে চূৰমাৰ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।

চৰকাৰলৈ কিবা এটা সকাহ পোৱাৰ আশাৰে আবেদন জনালে ভুক্তভোগী পাচলি খেতিয়ক তিনিজনেই।

Leave a Reply

Your email address will not be published. Required fields are marked *