সোপাধৰাৰ উৰাবাতৰি বিয়পাই আৰক্ষীৰ জালত তিনিজন…

অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো একাংশ লোকৰ মাজত বিয়পিছে সোপাধৰাৰ উৰাবাতৰি।

যোৰহাট আৰক্ষীয়ে এনে ঘটনাৰে জড়িত তথা ছচিয়েল মিডিয়া বা আন কোনো মাধ্যমেৰে সোপাধৰাৰ উৰাবাতৰি বিয়পাবলৈ বিচৰা লোকৰ ওপৰত গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

সোপাধৰাৰ উৰা বাতৰি বিয়পোৱাৰ অভিযোগত যোৰহাট আৰক্ষীৰ জালত পৰিছে দুজন।

বৃহস্পতিবাৰে নিশা যোৰহাটৰ মিছন হাস্পতালৰ সমীপত এজন অচিনাকী যুৱকক কেইজনমান যুৱকে সোপাধৰা বুলি মাৰপিট কৰিছিল।

এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দুই যুৱক ক্ৰমে অভিনন্দন গগৈ, আৰু পুতু বাচফৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, উত্তৰ প্ৰদেশৰ পৰা অহা সাধুবাবাৰ এটা দলকো সোপাধৰাৰ সন্দেহত অপদস্থ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত জালালউদ্দিন নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ছচিয়েল মিডিয়াত এনে উৰাবাতৰি বিয়পোৱা তথা সোপাধৰাৰ অজুহাতত এনে ঘটনাৰে জড়িত লোকৰ সন্ধান পালেই আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে।

এই সন্দৰ্ভত যোৰহাত আৰক্ষী অধীক্ষক মোহনলাল মিনাই কয়- আমি ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। উৰাবাতৰি বিয়পাব পৰা যিকোনো পোষ্ট দিয়া লোকৰ বিৰুদ্ধে আমি কঠোৰ আইনগত ব্যৱস্থা ল’ম। সোপাধৰা কেন্দ্ৰীক উৰাবাতৰি বিয়পাব পৰা যিকোনো ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আমি ৰাইজক আহ্বান জনাইছো।