
গ্ৰেপ্তাৰ হ’ব পাৰে SI জোনমণি ৰাভা, কানাড়া বেংকৰ মেনেজাৰ প্ৰহ্লাদ দাসক গড়মুৰ থানালৈ তলব
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে SI জোনমণি ৰাভা।
জেৰাত পোহৰলৈ আহিছে ন ন তথ্য।
জোনমণিৰ একাউণ্টাত অজ্ঞাত স্থানৰ পৰা সোমাইছিল লাখে লাখে টকা।
কানাড়া বেংকৰ একাউণ্টত সোমাইছিল ১১লাখ ৩৩হাজাৰ ১৭৪ টকা।
এক্সিছ বেংকৰ একাউণ্টাত সোমাইছিল ৯লাখ ১৪ হাজাৰ ২৬৯ টকা।
এতিয়াও মাজুলীৰ গড়মূৰ থানাত জেৰা অব্যাহত জোনমণিক।
আনহাতে কানাড়া বেংকৰ মেনেজাৰ প্ৰহ্লাদ দাসক সোধা-পোছাৰ বাবে গড়মূৰ আৰক্ষী থানালৈ তলব কৰা হৈছে।
গড়মূৰস্থিত কানাড়া বেংকৰ জোনমণি ৰাভাৰ একাউণ্টত অজিত বৰাই দিছিল ধন।
ত্ৰিশ হাজাৰ টকা অজিত বৰাই জমা দিছিল জোনমণি ৰাভাৰ কানাড়া বেংকৰ একাউণ্টত।
উল্লেখযোগ্য প্ৰৱঞ্চনাৰ অভিযোগত নিজৰ হ’বলগীয়া স্বামী ৰাণা প’গাগক গ্ৰেপ্তাৰ কৰোৱাই সংবাদ শিৰোনাম দখল কৰিছিল এছ আই জোনমণি ৰাভাই।
কিন্তু তাৰ পিছতে ঘটনাই লৈছিল নতুন মোৰ। একাংশ ভুক্তভোগীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধেও উত্থাপন কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ।





