নিউজ ডেস্কঃ মেডিকেল আৰু ইঞ্জিনিয়াৰিং শিক্ষা অসমীয়া মাধ্যমত প্ৰদান কৰিব চৰকাৰে। কিন্তু একেখন চৰকাৰেই তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় পঢুৱাব ইংৰাজী মাধ্যমত।
চৰকাৰৰ এনে দুমুখীয়া সিদ্ধান্তক সমালোচনা কৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰৰ বিৰুদ্ধে অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলে।

চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অখিল গগৈয়ে কয় যে অসমত বহু চৰকাৰী বিদ্যালয়ত এতিয়া শিক্ষকৰ অভাৱ। ইখনৰ ওপৰত সিখন বিদ্যালয় জাপি দি বা বন্ধ কৰি একপ্ৰকাৰ চৰকাৰী বিদ্যালয়সমূহ নাইকীয়া কৰাৰ চেষ্টা চলোৱা হৈছে।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উত্থান ঘটাই অহা চৰকাৰে অসমীয়া মাধ্যমৰ দুটা বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰ কৰাতকৈ গুণগত শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায় অখিল গগৈয়ে।
তেওঁ লগতে কয় যে বিদ্যালয়ত দ্বৈত মাধ্যমত দুটা বিষয়ৰ শিক্ষা প্ৰদান কৰাত আপত্তি নাই। কিন্তু কেৱল ইংৰাজী মাধ্যম ব্যৱহাৰ মানি লোৱা নহয়। তাৰ বিপৰীতে বিদ্যালয়ত ইংৰাজী পাঠ্যক্ৰমৰ উচিত শিক্ষা প্ৰদানৰ লগতে স্পকেন ইংলিছৰ শিক্ষা দিবলৈহে আহ্বান জনায় বিধায়কগৰাকীয়ে।
ইফালে বিদ্যালয় প্ৰাদেশীকিকৰণ নকৰা সন্দৰ্ভতো বিৰোধিতা কৰে অখিল গগৈয়ে।









