অসম

অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎঃ মুখ্যমন্ত্ৰী…

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ।

অৰুণোদয় আঁচনি ২০ লাখ হিতাধিকাৰীয়ে লাভ কৰি আছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

এই ২০ লাখ হিতাধিকাৰীক ৭০ মেগাৱট বিদ্যুৎ বিনামূলীয়াকৈ আগবঢ়োৱাৰ কথা সদৰি কৰে তেওঁ।

হিতাধিকাৰীসকলে বিদ্যুত বিভাগৰ পৰা বিল পাব যদিও ৭০ মেগাৱটৰ ফিচ অৰ্থাৎ ২৫০ টকা ৰাজ্য চৰকাৰে হিতাধিকাৰীসকলৰ একাউণ্টত আগবঢ়াব।

সেই ধন হিতাধিকাৰীসকলে বিদ্যুৎ বিভাগক আদায় দিব লাগিব।

অহা ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত এই আঁচনিখনত আৰু ৬ লাখ হিতাধিকাৰীক অন্তৰ্ভূক্ত কৰা হ’ব বুলিও মন্তব্য কৰে মু্খ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে পূৰ্বতে এই আঁচনিৰ সুবিধা লাভ কৰা যিসকল হিতাধিকাৰী এতিয়া স্বচ্ছল হৈছে তেওঁলোকক এই আঁচনিৰ পৰা আঁতৰাই ৰাখি অতিৰিক্তখিনি দুখীয়া মানুহক প্ৰদান কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *